পৃষ্ঠা:Kirtan Ghosha.pdf/৩০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ত্রি-দিনে গাৰে হৰি-গীত। কৃষ্ণতে অর্পিলে প্রাণ-চিত্ত। কায়স্থ শঙ্কৰে এহু ভণে। হৰি-কথা শুনা সৰ্ব্ব জনে ২৬৮ হৰিৰ কীৰ্ত্তন মুখে কৰা। মাধৱৰ ৰূপ হিয়ে ধৰা । অল্প পুণ্যে নপাই হেন জানি। সদা নছাড়িবা ৰাম-বাণী ও ২৬৯ পাপীজনে হৰি নুসুমৰে। পাতকে মুখত চেপি ধৰে ৷ আনে সুমন্তে শুনি মৰে। পাপে চিত্ত উচপিচ কৰে। ২৭০ হৰি-ধ্বনি শুনি কাণ ফাটে। নিন্দা কৰি ফুৰে হাটে-বাটে। হেন জানি পাপক সংহৰি। সদায়ে ঘুমিয়ে হৰি হৰি । ২৭১ পা ২৭• | চেপিচাপি।