পৃষ্ঠা:Kirtan Ghosha.pdf/৩০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনখোয়া, ঘোষ - হৰি বােলা হৰি ৰােলা মাধৱ ৰাম | ২৩ থে তুলি ৰাম-কৃষ্ণ দোভাই। অৰে লই যান্ত ঘােড় ডকাই। বায়ুৰ বেগে নােহে এক তুল। পাইল গৈয়া পাছে যমুনা-কূল ॥ ২৭২ মধ্যাহু-সন্ধ্যা কৰিবাক প্রতি। ৰাখিল ৰথ তৈতে দানপতি। দোভাইক ৰথে থৈয়া তরুতলে। নামিলা গৈয়া যমুনাৰ জলে ও ২৭৩ বুড় দিয়া মন্ত্র জপিলা পাছে। দেখ ৰাম-কৃষ্ণ তৈত আছে। ৰথত নাহিকা বুলি উঠিল। দভাইক ৰথে দুনাই দেখিলা। ২৭৪ পূৰ্বৰতে বসি আছন্ত দুই। দুনাই বুড় দিলা বিস্ময় হুই। জলৰ মাঝত দেখ পাছে। সহস্রেক ফণে, অনন্ত আছে ২৭৫*