এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২২]
২৮৭
কংস-বধ
ভকতৰ হৃদয়-ৰঞ্জন।
নেদেখিবো সি হেন চৰণ॥
কন্দৰ্প কোটিকো ৰূপে জিনি।
গোকুলে প্ৰকাশে যদুমণি॥ ২৫৯
কহে কৃষ্ণ-কিঙ্কৰে শঙ্কৰে।
নাহি গতি কীৰ্ত্তনত পৰে॥
জানিয়া কৰিয়ো একচিত্ত।
হৰি হৰি ঘোষা প্ৰতি নিত॥ ২৬০
দ্বাবিংশ কীৰ্ত্তন
ঘোষা॥ প্ৰাণ হৰি গৈলা এড়ি॥ ২২
পদ॥ হেন হৰি ভৈলোহো বঞ্চিত।
কিমতে ধৰিবো আৱে চিত্ত॥
সুপ্ৰভাতে মথুৰা পুৰীৰ।
মুখ-পদ্ম দেখিবে স্বামীৰ॥ ২৬১
জীৱৰ জীৱন প্ৰাণ-পতি।
আজি পাইবে কোন ভাগ্যৱতী॥
কিনো সুপ্ৰসন্ন ভৈল বিধি।
হাতে পাইলে গোকুলৰ নিধি॥ ২৬২