পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৬
[খণ্ড ১১
কীৰ্ত্তন-ঘােষা


সিংহ-বন্ধ কন্ধ সুপ্ৰসন্ন।
ভুজ-যুগ ৰত্নৰ মোলান॥ ২৫৪
কেয়ূৰ কঙ্কণ তাতে জ্বলে।
ৰত্নৰ গুলিয়া শোভৈ গলে॥
হিয়াত শ্ৰীবৎস কৰে কান্তি।
যেন মেঘে বলাকাৰ পান্তি॥ ২৫৫
পীত বস্ত্ৰে শোভে তনু কালা।
আপাদ-লম্বিত বন–মালা॥
তাতে পড়ি অনেক ভ্ৰমৰে।
মধু-লোভে বেড়িয়া গুঞ্জৰে॥ ২৫৬
বক্ষঃস্থলে মুকুতাৰ হাৰ।
আকাশী গঙ্গাৰ যেন ধাৰ॥
ৰত্নৰ মেখলা কটি মাঝে।
সোণাৰ কিঙ্কিণী তাতে বাজে॥ ২৫৭
কৰি-কৰ উৰু নিৰুপম।
চৰণ-পঙ্কজ মনোৰম॥
ধ্বজ বক্স অঙ্কুশে অঙ্কিত।
ৰত্নময় নুপুৰে ৰঞ্জিত॥ ২৫৮


পা° ২৫৮॥ অঙ্কুশে—পঙ্কজে