পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ২২) ফল: ২ ভকতৰ হৃদয়-স্বজন। নেদেখিবাে সি হেন চৰণ। কন্দর্প কোটিকো ৰূপে জিনি। গােকুলে প্রকাশে যদুমণি। ২৫৯ কহে কৃষ্ণ-কিঙ্কৰে শঙ্কৰে। নাহি গতি কীর্তনত পৰে। জানিয়া কৰিয়াে একচিত। হৰি হৰি ঘােষা প্রতি নিত ॥ ২৬০ বিংশ কীর্তন ঘােষা। প্রাণ হৰি গৈলা এড়ি। ২২ পদ ॥ হেন হৰি ভৈলােহাে বঞ্চিত। কিমতে ধৰিবাে আৱে চিত্ত। সুপ্রভাতে মথুৰা পুৰীৰ । মুখ-পদ্ম দেখিকে স্বামীৰ ২৬১ জীৱৰ জীৱন প্রাণ-পতি। আজি পাইবে কোন ভাগ্যৱতী কিনাে সুপ্রসন্ন ভৈল বিধি। . হাতে পাইলে গােকুলৰ নিধি। ২৬২