পৃষ্ঠা:Kirtan Ghosha.pdf/২৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


মুখ-পদ্ম চন্দ্ৰ নোহে সৰি।
আনন্দে দেখিবে নেত্ৰ ভৰি॥
পাই গৈয়া নাগৰী সুন্দৰী।
আউৰ দুনাই নাসিব হৰি॥ ২৬৩
সৌহৃদ্য ভাঙ্গিল ক্ষেণেকতে।
উপাসন্ত লক্ষ্মী কেনমতে॥
কিনো নিদাৰুণ নাৰায়ণ।
নুবুলিলা প্ৰবোধ-বচন॥ ২৬৪
পতি-পুত্ৰ এড়ি ভৈলো চেড়ী।
কোন সতে প্ৰভু গৈলা এড়ি॥
কিনো বজ্ৰে বান্ধিলেক হিয়া
ভকতক গৈলা দুঃখ দিয়া॥ ২৬৫
আমি মৰো তোমাৰ বিৰহে।
জানো কেনমতে হৃদি সহে॥
এহি বুলি কান্দে গোপ-নাৰী।
ৰাম কৃষ্ণ বুলি গেড়ি পাৰি॥ ২৬৬
নেত্ৰৰ লোতক পড়ে ধাৰে।
ঘনে ঘনে নিশ্বাস ফোকাৰে॥
হৰি বিনে নভাষে বচনে।
নপাসৰে সচেতে সপনে॥ ২৬৭