এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৭০
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
কিমতে বৰ্ত্তিবো হেন কৃষ্ণক নেদেখি।
আউৰ গোপী বোলে মোৰ কথা শুনা সখি॥
দিব্য গন্ধ তুলসীৰ কৰি মধু পান।
ভ্ৰমৰে গুঞ্জৰি ধৰে কৃষ্ণক যোগান॥ ১৮২
সুন্দৰ অধৰে যেৱে কৰে বাংশী ধ্বনি।
মোহ হোৱে কমল-বনৰো পক্ষী শুনি॥
হৰিক উপাসে আসি স্থিৰ কৰি চিত্ত।
চক্ষু মুদি আনন্দতে মৌনে শুনে গীত॥ ১৮৩
পক্ষীও মোহক যায় যাৰ বাংশী শুনি।
কিমতে ধৰিবো প্ৰাণ হেন হৰি বিনি॥
কেহো গোপী বোলে সখা শুনিয়ো কাহিনী।
ৰামে সমে পৰ্ব্বতত চড়ি চক্ৰপাণি॥ ১৮৪
সৱাকো হৰিষ কৰায় পূৰি বংশীনাদ।
মিত্ৰ বুলি মেঘে কৰে মধুৰ সম্বাদ॥
ছত্ৰ ধৰি উপৰে বৰিষে দিব্য ফুল।
হেন হৰি বিয়োগে কি নুহিবো আকুল॥ ১৮৫
কতো গোপী যশোদাত কহৱে অদ্ভুত।
বেণু-বাদ্যে কুশল তোমাৰ প্ৰিয় সুত॥
যেখণে বংশীক চুম্বি তোলে স্বৰ-জাতি।
ব্ৰহ্মা ৰুদ্ৰ আদি দেৱো হোৱে মোহ আতি॥ ১৮৬