পৃষ্ঠা:Kirtan Ghosha.pdf/২৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ক্রীড়া । যাৰ উৰঃস্থলে ছটা দেখিয় লক্ষীৰ। শ্যামল মেঘত যেন বিজুলী অথিৰ হেন হৰি যেখণে বাংশীক নাদ কৰে। গৰু-মৃগগণৰাে তেখণে চিত্ত হৰে৷ ১৭৭. দান্তে তৃণ ধৰি কৰ্ণ উপৰক তুলি। চক্ষু মুদি থাকে যেন চিত্ৰৰ পুতলী। আমি কেনে জীওঁ হেন কৃষ্ণক নেদেখি। আউৰ গােপী বােলে শুনা শুনা সৱে সখী ৷ ১৭৮ মাথাত ময়ূৰ-পুছ পল্লৱ কৰ্ণত। মল্ল-বেশে হৰি গেৰু ঘষিয়া গাৱত। নাম ধৰি ধেনুক ডাক বাংশী-ৰাৱে। নদীসৱাে শুনি তম্ভি থাকে মৌনভাৱে। ১৭৯ আমি যেন পায় কৃষ্ণৰ পাদ-ৰেণু। কম্পাৰে তৰঙ্গই প্রেমে পুৰু পুনু ৷ কতাে গােপা বােল সখী সৱে শুন শুন। গােপগণে যেখণে বর্ণাৱে কৃষ্ণ-গুণ৷ ১৮০ বাংশীৰ নিম্বনে হৰি ডাকি আনা ধেনু। শুনি তরু-লতা প্রেমে পুলকিত-তনু। ফল-ফুল-ভৰে নম্র হুয়া মধু ৰে। • ভৈল আত্মা সাক্ষাতে বৃক্ষৰ ভাৱে কৰে। ১৮৯