পৃষ্ঠা:Kirtan Ghosha.pdf/২৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৭]
২৭১
ৰাস-ক্ৰীড়া


শুনি থাকে একচিত্তে নমায়া কন্ধৰ।
নিশ্চয় কৰিবে নোৱাৰন্ত তাল-স্বৰ॥
হেন হৰি বিয়োগে কিমতে ধৰো প্ৰাণ।
বোলা হৰি হৰি হোক পাপৰ নিৰ্য্যাণ॥ ১৮৭

সপ্তদশ কীৰ্ত্তন

ঘোষা॥ ত্ৰাহি হৰি কি এ কৃষ্ণ
 গোপাল পাল পাৱে ধৰো।
 কৰা হৰি কৰুণা ইবাৰ যেন তৰো॥ ১৭

পদ॥ কেহো বোলে সখী মোৰ বাক্যে কৰা মতি।
 ব্ৰজত ফুৰন্ত হৰি লীলা-গজ-গতি॥
 ধ্বজ বজ্ৰ পঙ্কজ খোজত বান্ধি যায়।
 কৰন্ত ভঙ্গিক যেৱে আমাসাক চাই॥ ১৮৮
 কৃষ্ণৰ কটাক্ষ-কামে মনক মৰ্দ্দয়।
 থাকো থিয় হুয়া আমি যেন বৃক্ষচয়॥
 খসে খোপা সম্বৰিবে বস্ত্ৰকো নোৱাৰি।
 শুনা সখী বুলি মাতে আউৰ গোপ-নাৰী। ১৮৯
 এক প্ৰিয় গোপৰ কান্ধন্ত হস্ত থই।
 গৰুক গণন্ত কদাচিত মণি লই॥