এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৫]
২৬৫
ৰাস-ক্ৰীড়া
ধৰ্ম্মৰ ৰক্ষক হুয়া মুৰাৰি।
ক্ৰীড়িলা কেনে পৰ গোপনাৰী॥ ১৬০
হোৱন্ত হৰি যদি পূৰ্ণ-কাম।
কৰিলা কেনে গৰিহিত কাম॥
ছেদিয়ো সংশয় কৈয়ো বৃত্তান্ত।
দিলন্ত শুনিয়া শুকে সিদ্ধান্ত॥ ১৬১
শুনিয়ো সৰ্ব্বজনে ৰাস-ক্ৰীড়া।
বঞ্চিবা যেবে সংসাৰৰ পীড়া॥
কৃষ্ণৰ কিঙ্কৰে কহে সম্প্ৰতি।
বোলা হৰি হৰি একান্ত-মতি॥ ১৬২
পঞ্চদশ কীৰ্ত্তন
ঘোষা॥ ৰাম ৰাম বুলি তৰা।
ভাই অন্তকে পাইলেক পৰা॥ ১৫
পদ॥ পৰম-ঈশ্বৰে কৰে অকৰ্ম্ম।
তেজস্বীত কিছু নাহি অথৰ্ম্ম॥
সৰ্ব্বভক্ষ বহ্নি সৱাকো শোষে।
তথাপিতো যেন নোছোৱে দোষে॥১৬৩