এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১৪]
২৬৩
ৰাস-ক্ৰীড়া
ঘোষা॥ যাদৱ জগজীৱন ৰাম।
আপুনি গোপীৰ পূৰিলা কাম॥ ১৪
পদ॥ ৰতি-শ্ৰান্ত ভৈলা যত গোপিনী।
দেখি হস্ত-পদ্মে হৰি আপুনি॥
কৃপায়ে সৱাৰো মাজিলা মুখ।
মিলিল মনে মহোৎসৱ-সুখ॥ ১৫২
কৃষ্ণক বেড়ি আসি সৱ সখী।
অমৃত-সমান হাস্যে নিৰেখি॥
কৰি পূজা ৰঙ্গে ৰঞ্জিয়া চিত্ত।
গাইলন্ত গোৱিন্দৰ গুণ-গীত॥ ১৫৩
তাসম্বাৰ শ্ৰম গুচাইবে প্ৰতি।
সঙ্গে লৈয়া সৱ ব্ৰজ-যুৱতী॥
যমুনা-জলত নামিলা হৰি।
চৌভিতি ভ্ৰমৰে সেৱে গুঞ্জৰি॥ ১৫৪
শ্ৰান্ত হুয়া যেন মাতঙ্গ-ৰাজে।
হস্তিনী সমে ক্ৰীড়ে জল মাজে॥
গোপালো লোক-মৰ্য্যাদাক এড়ি।
কৰন্ত গোপী সমে জল-খেড়ি॥ ১৫৫