এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
২৬২
কলি-ধােবা
les
এহিমতে গােবিন্দে নৃত্যৰ দেত্ত ভঙ্গি।
কতত গােপিকাক গৈয়া ধৰস্তু আলিঙ্গি।
কতাে গােপিকাৰ কৰে পৰশস্ত তন।
কটাক্ষে নিৰেখি কাকো কৰক্ত চুম্বন ॥ ১৪৭
আপােন লাৱণ্য-কলা কৌশল-সুগন্ধি।
সমস্তে গােপীত অৰ্পি ক্ৰীড়িলা প্রবন্ধি
নপাৰিলা গােপীগণে মুহিবে কৃষ্ণক।
ছায়ায়ে সহিতে যেন উমলে বালক। ১৪৮
কৃষ্ণৰ ক্ৰীড়াত বিমােহিত গােপ-বালা।
খসে অলঙ্কাৰ কাৰৰ ছিণ্ডি পৰে মালা।
সােলকয় খােপ নবান্ধয় অকো তুলি।
নসম্বৰে বস্ত্র কতাে কুচৰৰ কাঞ্চন্ ি॥ ১৪৯
দেৱ-নাৰীগণে দেখি কেশৱৰ কেলি।
মােহ হুয়া পড়ে বিমানত ঢলি ঢলি।
ক্রীড়া দেখি চন্দ্রো কামে বিমােহিত আতি।
তাইলন্ত ৰথ নুপুহায় সিটো ৰাতি ॥ ১৫০
যত গােপা তত কৃষ্ণ হুয়া কৰি ক্ৰীড়া।
সমস্তে গুচাইল গােপিকাৰ কাম-পীড়া ॥
পূর্ণ-কাম হৰি ভৈলা ভকতিত বশ্য।
হৰি হৰি বুলি তৰা কহিলাে ৰহস্য । ১৫১