পৃষ্ঠা:Kirtan Ghosha.pdf/২৭৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘােষা। যাৰ জগজীৱন ৰাম। আপুনি গােপীৰ পুৰিলা কাম ॥ ১৪ পদ॥ ৰতিশ্ৰান্ত ভৈলা যত গােপিনী। দেখি হস্ত-পদ্মে হৰি আপুনি। কৃপায়ে সৱাৰৰ মাজিলা মুখ। মিলিল মনে মহােৎসৱ-সুখ ॥ ১৫২ কৃষ্ণক বেড়ি আসি সব সখী। অমৃত-সমান হাস্যে নিৰেখি। কৰি পূজা ৰঙ্গে ৰঞ্জিয়া চিত্ত। গাইল গােৱিন্দৰ গুণ-গীত । ১৫৩ তাসৰ শ্ৰম গুচাইবে প্রতি। সঙ্গে লৈয়া সৰ ব্ৰজ-যুৱতী ॥ যমুনা-জলত নামিলা হৰি। চৌভিতি ভ্ৰমৰে সেৱে গুঞ্জৰি। ১৫৪ শ্রান্ত হয় যেন মাতঙ্গ-ৰাজে। হস্তিনী সমে ক্রীড়ে জল মাজে । গােপালাে লােক-মৰ্য্যাদাক এড়ি। কন্তু গােপী সমে জল-খেড়ি। ১৫৫