এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১২
২৫৯
ৰাস-ক্ৰীড়া
প্ৰধান গন্ধৰ্বে অপেস্বৰায়ে সহিত।
মহাৰঙ্গে গাৱে গোৱিন্দৰ গুণ-গীত॥ ১৩৩
কৃষ্ণ সমে নাচে সৱে সন্তোষে গোপিনী।
বলয়া নুপুৰ বাঝে ঝমকে কিঙ্কিণী॥
প্ৰকাশ কৰন্ত কৃষ্ণ গোপীৰ মধ্যত।
সুৱৰ্ণ মণিৰ মাজে যেন মৰকত॥ ১৩৪
কৃষ্ণ সমে ৰঙ্গে আতি নাচে গোপাজাক।
নানা ভঙ্গি চৰণ চলায়া ফুৰে পাক॥
হস্তকো চলাৱে তুলি কৰি লয়-লাস।
ভ্ৰূৱ-যুগ ক্ষেপিয়া কটাক্ষে কৰে হাস॥ ১৩৫
ঝলমল কুণ্ডল গলত আসি পড়ে।
হালে কৃশ কঙ্কাল তনৰো বস্ত্ৰ লড়ে॥
শিথিল মেখলা খোপা মুখে ঘৰ্ম্ম-জল।
গাৱে কৃষ্ণ-গুণ-গীত গোপিকাসকল॥ ১৩৬
কৃষ্ণৰ অসংখ্য মূৰ্ত্তি জ্বলে মেঘ-নয়।
প্ৰকাশে বিজুলী যেন তাতে গোপীচয়॥
ঘৰ্ম্ম-জলে কণিকা গৰ্জ্জনে ভৈল গীত।
আকাশৰপৰা দেৱে দেখে বিপৰীত॥১৩৭
কৃষ্ণ-আলিঙ্গন পায়া অশেষ হৰিষ।
কৃষ্ণ-গুণ-গীতে পূৰিলেক দশোদিশ॥