পৃষ্ঠা:Kirtan Ghosha.pdf/২৭১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


M কীৰ্তনঘোষা [খণ্ড '১৯ এহিমতে নৃত্য-গীতে কৃষ্ণক তুষিল। সাধু সাধু বুলিয়া মাধৰে প্ৰশংসিল। ১৩৮ . তাসকো বহুমান দিলও মাধৱ। আনন্দে আকুল মিলে মনে মহোৎসৱ। গোপীৰ বৃত্তান্ত কথা শুনা আত পৰে। .. বোলা হৰি হৰি সামাজিকে নিৰন্তৰে। ১৩৯, জয়োশ কীৰ্তন ঘোষা॥ পদ্মপাণি গোপী-ৰঞ্জন দুঃখঞ্জন দেব। | তোমাৰ চৰণ বিনা গতি নাহি কেৱ॥১৩ পদ। কতত গোপা ভৈলা আতি ভাগৰে আকুল। সোলকয় বলয়া খোপাৰ খসে ফুল। কৃষ্ণতে আউজি জিৰায় কৰি কেলি। আতি প্ৰীতি কন্ধত ধৰিয়া বাহু মেলি। ১৪০ উৎপল সুগন্ধি কৃষ্ণ-বাহু কন্ধে লই। ঘনে ঘনে আনি গোপ-ৰমণী সুঙই। .. ৰোমাঞ্চিত তনু আনন্দিত আতি মন। ভোল: হুয়া দেয় কৃষ্ণ বাত,চুম্বন, ১৪১