পৃষ্ঠা:Kirtan Ghosha.pdf/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা


যেৱে সৱে এড়া আপুনি দায়।
তেবেসে মোৰ ঋণ শুজা যায়॥ ১২৯
অমৃত বৰিষে কৃষ্ণৰ বাক।
জুৰাইল শুনি সৱে গোপীজাক॥
এড়াইলা সমস্তে বিৰহ-তাপ।
বোলা হৰি হৰি পলাওক পাপ॥ ১৩০

দ্বাদশ কীৰ্ত্তন

ঘোষা॥ ৰাম কৰে ৰাস-কেলি গোপাল গোপী সঙ্গে।
 হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে॥ ১২

পদ॥ শুক নিগদতি পাছে গোৱিন্দ তহিতে।
 আৰম্ভিলা ৰাস-ক্ৰীড়া গোপিকা সহিতে॥
 দুহো গোপী মাজে এক ভৈলন্ত মাধৱ।
 প্ৰৱৰ্ত্তিল তথা ৰাস-স্ক্ৰীড়া মহোৎসৱ॥ ১৩১
 ভৈল মণ্ডলাকাৰ হাতে গলে ধৰি।
 সৱে বোলে মোকেসে আলিঙ্গি আছে হৰি॥
 আসিলা সভাৰ্য্যে যত দেৱগণ মানে।
 জুৰিয়া আকাশ আসি অসংখ্য বিমানে॥ ১৩২
 মাধৱৰ ৰাস-ক্ৰীড়া চাৱে এক-দৃষ্টি।
 বাৱে দেৱে দুন্দুভি কৰিয়া পুষ্প-বৃষ্টি॥