পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৮]
২৪৫
ৰাস-ক্ৰীড়া


তোমাৰ জনম  নিমিত্তে অধিকে
  গোকুল বাঢ়ে সম্পনে।
লক্ষ্মীও সাক্ষাতে  ব্ৰজত বঞ্চন্ত
  সুখে বঞ্চে সৰ্ব্বজনে॥ ৮৪

তোমাতেসে প্ৰাণ  সুম্পি গোপীচয়
  চাই ফুৰো দশোদিশ।
গুচোক নিকাৰ  প্ৰাণৰ বল্লভ
  দেখা দিয়া জগদীশ॥

শৰত কালৰ  বিকশ পদ্মৰ
  উদৰৰ শ্ৰীক নিন্দে।
হেনয় নেত্ৰৰ  কটাক্ষে আমাক
  মাৰিছা তুমি গোৱিন্দে॥ ৮৫

নিকিনিলা দাসী   ভজিলোহো আসি
  গীততে হুয়া দগধ।
কটাক্ষে মাৰিলে  বধ নলাগে কি
  অস্ত্ৰে কাটিলেসে বধ॥


পা* পদ ৮৫॥ বিকশ পদ্মৰ—বিকশিত পদ্ম।