পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৬
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা

বিষময় জল অঘ পূতনাত
 ৰাখিলা বৃষ্টিতো হন্তে।
চক্ৰবাত বন— বহ্নি আনো ভয়ে
 তাৰিলা তুমি অনন্তে॥ ৮৬

আৱে কেন মন— মথৰ হাতত
 আমাক মৰাৱা স্বামী।
তোমাৰ চৰণ যেৱে দেখা পাওঁ
 পুনৰপি জীওঁ আমি॥

নুহিকা যশোদা— নন্দন গোৱিন্দ
 নিছয় বুলিলো বাক।
তুমি সমস্তৰে বুদ্ধি-সাক্ষী সখি
 প্ৰাথিলা ব্ৰহ্মা তোমাক॥ ৮৭

জগত ৰাখিবে লাগি যদু-কুলে
 আপুনি ভৈলা বিদিত।
শুনা মহাভাগ ভকতক ত্যাগ
 কৰিবে নুহি উচিত॥


পা ৮৭॥ মন-মথৰ হাতত—মতে মদনৰ হাতে।

৮৮॥ বিদিত—উদিত।