পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
[ খণ্ড ১১
কীৰ্ত্তন-ঘোষা


কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰ আলাপ।
কৃষ্ণ-গুণ গায়া কৰে কৃষ্ণৰ বিলাপ॥
পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে।
কৃষ্ণময় হুয়া কৃষ্ণ-চেষ্টা মাত্ৰ কৰে॥ ৮২
কৃষ্ণ–পদ-পঙ্কজে নিবিড় কৰি চিত্ত।
দুনাই যমুনাৰ সৱে নামিল বালিত॥
কৃষ্ণক প্ৰাৰ্থয় গোপা এক-ঠাই হুই।
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই॥ ৮৩


অষ্টম কীৰ্ত্তন

ঘোষা॥ মোহন দেহু দৰিশন  গোপাল প্ৰাণ
 পেখো মুখ-কমল।
 সংসাৰ-তৰণ  তোমাৰ চৰণ
 নভজি জন্ম বিফল॥ ৮

পদ॥ কৃষ্ণত নিৰাশা  হুয়া গোপীচয়
 বালিত নামি দুনাই।
কৃষ্ণ-দৰশন-  মনে গীত গাৱে
 কৃষ্ণৰ গুণ বৰ্ণাই॥


পা° ঘোষা ৮॥ তোমাৰ—তেৰি।