এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪৪
[ খণ্ড ১১
কীৰ্ত্তন-ঘোষা
কৃষ্ণতে অৰ্পিল মন কৃষ্ণৰ আলাপ।
কৃষ্ণ-গুণ গায়া কৰে কৃষ্ণৰ বিলাপ॥
পতি পুত্ৰ গৃহ শৰীৰকো নুসুমৰে।
কৃষ্ণময় হুয়া কৃষ্ণ-চেষ্টা মাত্ৰ কৰে॥ ৮২
কৃষ্ণ–পদ-পঙ্কজে নিবিড় কৰি চিত্ত।
দুনাই যমুনাৰ সৱে নামিল বালিত॥
কৃষ্ণক প্ৰাৰ্থয় গোপা এক-ঠাই হুই।
বোলা হৰি লাগোক পাপৰ মুণ্ডে জুই॥ ৮৩
অষ্টম কীৰ্ত্তন
ঘোষা॥ মোহন দেহু দৰিশন গোপাল প্ৰাণ
পেখো মুখ-কমল।
সংসাৰ-তৰণ তোমাৰ চৰণ
নভজি জন্ম বিফল॥ ৮
পদ॥ কৃষ্ণত নিৰাশা হুয়া গোপীচয়
বালিত নামি দুনাই।
কৃষ্ণ-দৰশন- মনে গীত গাৱে
কৃষ্ণৰ গুণ বৰ্ণাই॥
পা° ঘোষা ৮॥ তোমাৰ—তেৰি।