পৃষ্ঠা:Kirtan Ghosha.pdf/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭]
২৪৩
ৰাস-ক্ৰীড়া


কৃষ্ণক আশায়ে আইলো যত গোপীঝাক।
সৱাকে এড়িয়া কৃষ্ণে ভজিলা আমাক॥
সমস্তে নাৰত শ্ৰেষ্ঠ আপুনাক মানি।
মহাদৰ্পে কৃষ্ণক বুলিলা হেন বাণী॥ ৭৭
চলিতে নপাৰো আউৰ আমি এক ভৰি।
যৈকে মন নিয়া আৱে যেন লাগে কৰি॥
শুনি হেন হৰিও বুলিলা তাইক হাসি।
যাইবে যেৱে নপাৰা কান্ধত উঠা আসি॥ ৭৮
শুনি উঠিবাক তাই গৈল কাছি-পাৰি।
দেখি, অন্তৰ্দ্ধান ভৈলা তথাতে মুৰাৰি॥
কান্দে আৰ্ত্তৰাৱে গোপী কৃষ্ণক নেদেখি।
হা নাথ কৈক গৈলা আমাক উপেক্ষি॥ ৭৯
তোমাৰেসে দাসী মই জানা নাৰায়ণ।
অনাথৰ নাথ মোক দিয়া দৰিশন॥
গোপাগণে গোৱিন্দৰ খোজ নেয় গুড়ি।
সমীপতে দেখে স্ত্ৰী কান্দে দুঃখে পৰি॥ ৮০
সমস্ত সখীত তাই কহিল বৃত্তান্ত।
যেনমতে তাইক এড়িল কৃষ্ণ কান্ত॥
শুনিয়া বিস্ময় আতি ভৈলা যত সখী।
নিৱৰ্ত্তিল সৱে ঘোৰ অন্ধকাৰ দেখি॥ ৮১