পৃষ্ঠা:Kirtan Ghosha.pdf/২৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২ ]
২২৯
ৰাস-ক্ৰীড়া

উপপতি সমে ক্ৰীড়া গৰিহিত কৰ্ম্ম।
স্বামীৰ শুশ্ৰূষা কুল-স্ত্ৰীৰ মহাধৰ্ম॥
যদিবা আমাক স্নেহে আইলা গোপীগণ।
মোক আৱে দেখিলা সিজিল প্ৰয়োজন॥ ১৭
বিদূৰতে থাকি কৰে শ্ৰৱণ কীৰ্ত্তন।
বাঢ়ে মোত ভকতি নিৰ্ম্মল হোৱে মন॥
দেখন্তে শুনন্তে সদা হেলা হোৱে মতি।
জানিয়া গৃহতে থাকি কৰিয়ো ভকতি॥ ১৮
কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ।
পাইলন্ত দুৰন্ত চিন্তা বিৱৰ্ণ বদন॥
ওলমাইল মুখ আতি পায়া দুঃখ-ভাৰ।
সঘনে নিশ্বাস কাঢ়ে শুধাইল অধৰ॥ ১৯
কুচৰ কুঙ্কুম মানে লোতকে লেপিল৷
থাকিল নিচুকি মুখে বচন হৰিল॥
চৰণে ভূমিক লেখে দেখে তমোময়।
বোলা হৰি হৰি হৌক পাপৰ প্ৰলয়॥ ২০