পৃষ্ঠা:Kirtan Ghosha.pdf/২৪০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


বাক্ষীড়া উপপতি সমে ক্রীড়া গৰিহিত কর্ম। স্বামীৰ শুবা কুল-স্ত্রীৰ মহাধর্ম । যদিবা আমাক স্নেহে আইলা গােপীগণ। মােক আৰে দেখিলা সিজিল প্রয়ােজন। ১৭ বিদূৰতে থাকি কৰে শ্ৰৱণ কীর্তন। বাঢ়ে মােত ভকতি নিৰ্ম্মল হােৱে মন। দেখন্তে শুনত্তে সদা হেলা হােৱে মতি । জানিয়া গৃহতে থাকি কৰিয়াে ভকতি। ১৮ কৃষ্ণৰ বিপ্রিয় বাণী শুনি গােপীগণ। পাইলন্ত দুৰন্ত চিন্তা বিৱর্ণ বদন। ওলমাইল মুখ আতি পায়া দুঃখ-ভাৰ। সঘনে নিশ্বাস কাঢ়ে শুধাইল অধৰ। ১৯ কুচৰ কুঙ্কুম মানে লােতকে লেপিল। থাকিল নিচুকি মুখে বচন হৰিল। চৰণে ভূমিক লেখে দেখে তমােময়। বােলা হৰি হৰি হোক পাপৰ প্ৰলয় ২০