পৃষ্ঠা:Kirtan Ghosha.pdf/২৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


[ ৫.১ যােষ। গােপাল কৃষ্ণ কৰ আণ। মােক নেদেখি নহে প্রাণ। ৩ পদ। শােক তায়া গােপীসকলে। মচিলাে মুখ-আখি আঞ্চলে। গদগদ মাত মুখে নােলাই। বুলিবে লাগিলা কৃষ্ণক চাই। ২১ ভকত-বৎসল তােমাক জানি। কেনে বােলা হেন ঘাতুক বাণী। সমস্ত বিষয় এড়িয়া স্বামী। ভজিলাে তােমাৰ চৰণে আমি ॥ ২২ ভজিয়ে আমাক মিলােক ভাগ। নকৰা নাথ ভকতক ত্যাগ ৷৷ কহিলা যিটো কুল-স্ত্রীৰ কৰ্ম্ম। তােমাতে থাকোক সিসৱ ধৰ্ম । ২৩ জগতৰে বন্ধু আতমা তুমি। সমন্তে ধৰ্ম্মৰ আপুনি ভুমি। তুমি আত্মা হেন জানি সম্প্রতি। তােমাতেসে কৰে তেতি ॥ ২৪