এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
[খণ্ড ১১
কীৰ্ত্তন-ঘোষা
বিহ বুলি অমৃতক পিলে যিটো নৰ।
নুহিবেক হেন জানা অজৰ অমৰ॥
যেন তেনমতে মাত্ৰ স্মৰোক সতত।
এতেকে মুকুতি পাৱে কহিলে বেকত॥ ১২
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্রভু ভগৱন্ত।
যাত হন্তে পাৱে মােক্ষ স্থাৱৰ পৰ্য্যন্ত॥
নিৰুপায় হৰিৰ ভকতি মুহি বৃথা।
গােপা-গােপালৰ আৱে শুনা পাছ কথা॥ ১৩
যেৱে সৱে সমীপ পাইলেক গােপ-নাৰী।
তাসম্বাক বাক্যে মােহি বুলিলা মুৰাৰি॥
কুশলে কি আইলা কৈয়াে ব্ৰজৰ কল্যাণ।
প্রিয় কৰ্ম্ম কৰাে কিবা কহিয়াে নিদান॥ ১৪
দুৰ্ঘোৰ ৰজনী প্রেত-পিশাচৰ গতি।
ঐত নথাকিবা তােৰাসৱ স্ত্রী-মতি॥
তোমাসাক নেদেখিয়া পিতৃ-মাতৃচয়।
তাসম্বাৰ মনে মহা মিলিব সংশয়॥ ১৫
দেখিলাহা ইটো বিকশিত বৃন্দাবন।
শশাঙ্কে ধৱল নৱ পল্লৱে শােভন॥
উলটি ব্ৰজক ষাহা কান্দে শিশুগণ।
তাসম্বাক প্ৰতিপালি পিয়ায়োক তন ॥ ১৬