এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২০
[খণ্ড ১০
কীৰ্ত্তন-ঘোষা
গন্ধৰ্ব্বে গীত গায়া বাৱে তাল।
পৰম আনন্দে নাচা গোপাল॥ ১৪৩
জগত-আধাৰ তোমাৰ ভিৰে।
নাকে মুখে দুখে ছাদে ৰুধিৰে॥
স্বামী মৰে দেখি নাগিনী-লোকে।
শিশু আগ কৰি আসিল শোকে॥ ১৪৪
পড়িল ভূমিত কৃষ্ণৰ আগে।
কৰিয়া ভূমিত স্বামী-দান মাগে॥
কৰিয়া দোষ স্বামী ইটো চণ্ড।
বিহিলা ইহাৰ উচিত দণ্ড॥১৪৫
দুৰ্জ্জন জনৰ চিন্তিবা মাৰ।
এহিসে কাৰ্য্যে তযু অৱতাৰ॥
পাতকী সৰ্প-জাতি দুৰাশয়।
তোমাৰ দণ্ডে পাপ ভৈল ক্ষয়॥ ১৪৬
কৰিলা দায়া দয়াশীল হৰি।
তোমাৰ ক্ৰোধ বৰয়েৰে সৰি॥
পূৰ্ব্বত কিনো তপ আছৈ কৰি।
যাহাত তুমি তুষ্ট ভৈলা হৰি॥ ১৪৭
সি হেতু হেন ভৈল ভাগ্যোদয়।
তোমাৰ পাইলে পদ-ধুলাচয়॥