পৃষ্ঠা:Kirtan Ghosha.pdf/২৩২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন ] যাহা লক্ষীদেৱী বাঞ্ছা কৰি। আচৰিল তপ ব্ৰতক ধৰি ৷ ১৪৮ যিটো পদৰজ ভকতে পাই। এৰে সাৰ্বভৌম-পদততা দায় ॥ স্বর্গ ব্ৰহ্ম-পদে নকৰে বাঞ্ছা। নকৰন্ত যােগ-সিদ্ধিকে ইছা। ১৪৯ মােক্ষতে অভিলাষ নাহি হৰি। তােমাৰ চৰণ-ৰেণুক এড়ি। পৰম ক্রোধী হুয়া ক্রু-মতি। হেন পদ-ধূলা পাইলেক পতি। ১৫০ নােন্ত ব্রহ্মা আদি দেৱে যাক। হেন জানি নাথ ৰাখা ইহাক। চৰণে প্ৰণামাে হুয়াে সন্তোষ। বাৰেক আৰ মৰষিয়াে দোষ। ১৫১ কৰিয়ােদায়া প্রভু এড়ৈ প্রাণ। অনাথ স্ত্রীক দিয়াে স্বামী দান ॥ কৰিল অনেক তুতি ভকতি। শুনি-তুষ্ট ভৈলা জগতপতি। ১৫২ প্রাণে নামাৰিলা তাতেসে থাকি। কালিক খেদাইল হ্রদ ডাকি।