এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১০
২১৯
শিশু-লীলা
কি ভৈল আজি কৃষ্ণ মোৰ বাপ।
মৰিও নেড়াইবো তোৰ সন্তাপ॥ ১৩৯
এহি বুলি কান্দে কৃষ্ণক চাই।
যশোদা নন্দে ঝাপ দিবে যায়॥
দেখি বলভদ্ৰে বাধিলা হাসি।
এখনে আসিবা কালিক নাশি॥১৪০
কৃষ্ণক লাগিয়া এড়া ক্ৰন্দন।
হেন শুনি সৱে জুড়াইল মন॥
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
বোলা হৰি হৰি সমস্ত জনেৰ॥১৪১
দশম কীৰ্তন
ঘোষা॥প্ৰণামো ৰাম দেৱ দয়াশীল।
আৱেসে কৃষ্ণৰ কৃপা মিলিল।১০
পদ॥ ভকতৰ দুঃখ দেখি গোপাল।
আস্ফোট কৰি দিলা উৰুকাল॥
সৰ্পৰ বন্ধ এড়াই জগন্নাথে।
ডেৱে চড়িলন্ত কালিৰ মাথে॥ ১৪২
শতেক শিৰত নাচন্ত হৰি॥
বাৱে বিদ্যাধনে মৃদঙ্গ ধৰি॥