পৃষ্ঠা:Kirtan Ghosha.pdf/২২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


দেখি গােপগােপী সম্যক মৰিল। প্রাণ অন্তৰীক্ষ চেতন হৰিল । কৃষ্ণ কৃষ্ণ বুলি দিলেক গড়ি। কান্দে যমুনাৰ তীৰক বেঢ়ি। ১৩৫ যশােদা সুন্দরী নন্দ গােৱালে। পাড়ন্ত লােটাৰি পড়ি নিচালে। কি ভৈল পুত্ৰ বুলি উকি দিয়া। দুহাতে ঝাৱলে ঢাকুৰে হিয়া। ১৩৬ কৃষ্ণৰ সুন্দৰ বদন চাই। যশােদা কাশশু গুণ বর্ণাই। গগাধুলি কোনে যাইবে বাংশী বাই। কোনে গৈয়া মােক বুলিবে আই। ১৩৭ ধুলা জাৰি কাক কৰাইবাে স্নান। কোনে কৰিবেক গােৰস পান। কাক বিছাই দিবাে শীতল তুলী। ডাকিবাে কাক জাগ কৃষ্ণ বুলি। ১৩৮ সুন্দৰ বদনে বজায়া বেণু। "প্রভাতে কোনে চৰাইবেক ধেনু। ১৩ ॥ কালে-কালে।