সমললৈ যাওক

পৃষ্ঠা:Kirtan Ghosha.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৮
[খণ্ড ১০
কীৰ্ত্তন-ঘোষা

দেখি গোপ-গোপী সম্যক মৰিল।
প্ৰাণ অন্তৰীক্ষ চেতন হৰিল॥
কৃষ্ণ কৃষ্ণ বুলি দিলেক গেড়ি।
কান্দে যমুনাৰ তীৰক বেঢ়ি॥ ১৩৫
যশোদা সুন্দৰী নন্দ গোৱালে।
পাড়ন্ত লোটাৰি পড়ি নিঢালে॥
কি ভৈল পুত্ৰ বুলি উকি দিয়া।
দুহাতে ঝাৱলে ঢাকুৰে হিয়া॥ ১৩৬

কৃষ্ণৰ সুন্দৰ বদন চাই।
যশোদা কান্দন্ত গুণ বৰ্ণাই॥
গোধুলি কোনে যাইবে বাংশী বাই।
কোনে গৈয়া মোক বুলিবে আই॥ ১৩৭

ধুলা জাৰি কাক কৰাইবো স্নান।
কোনে কৰিবেক গোৰস পান॥
কাক বিছাই দিবো শীতল তুলী।
ডাকিবো কাক জাগ কৃষ্ণ বুলি॥১৩৮

সুন্দৰ বদনে বজায়া বেণু।
প্ৰভাতে কোনে চৰাইবেক ধেনু॥


পা ১৩৬॥ ঝাৱলে-জাঞলে