এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
[ খণ্ড ১০
কীৰ্ত্তম-ঘোষা
আসিল দানৱগোট বৎস-ৰূপ ধৰি।
লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি॥
আলগতে ফুৰাই পাক হানিলাহা দলি।
কপিত্থত পড়ি যম-পুৰে গৈল চলি॥ ৭১
যষ্ঠ কীৰ্ত্তন
ঘোষা॥ ৰামৰ চৰণে ধৰো।
স্বামী যেনমতে তৰো॥ ৬
পদ॥ বকাসুৰে কৃষ্ণক গিলিলে ঠোঠে ধৰি।
দেখি গোপ-শিশুগণ যেন গৈল মৰি॥
পাছে তাৰ তালুত লাগিল যেন জুই।
ছাদিল কৃষ্ণক বকে বিমূৰ্চ্ছিত হুই॥ ৭২
দুনাই ঠোঠে গিলিবাক আসে দেখি তাক।
লীলায়ে চিৰিলা যেন বিৰিণা-পোথাক॥
সবান্ধৱে ধেনুকক নিলা ৰসাতল।
গোপ-শিশুগণক ভুঞ্জাইলা তাল-ফল॥ ৭৩
ময়ৰ তনয় ব্যোম গোপ-ৰূপ ধৰি।
গোপ-শিশুগণক নিলেক চুৰি কৰি॥
গহ্বৰত থৈলা নিয়া ঢাকিয়া শিলায়ে।
তাক মাৰি শিশুসৱ আনিলা লীলায়ে॥ ৭৪