পৃষ্ঠা:Kirtan Ghosha.pdf/২১৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৪ কীৰ্ত্তম-ঘােষা ( খও ১৭, আসিল দানৱগােট বৎস-ৰূপ ধৰি। লাঙ্গুল সহিতে তাৰ ধৰি পাছ ভৰি । আলগতে ফুৰাই পাক হানিলাহা দলি। কপিখত পড়ি যম-পুৰে গৈল চলি। ৭১ যষ্ঠ কীর্তন ঘােষা। ৰামৰ চৰণে ধৰে। স্বামী যেনমতে তৰো৷ ৬ পদ। বকাসুৰে কৃষ্ণক গিলিলে ঠোঠে ধৰি। দেখি গােপশিশুগণ যেন গৈল মৰি। পাছে তাৰ তালুত লাগিল যেন জুই। ছাদিল কৃষ্ণক বকে বিমুচ্ছিত হুই ॥ ৭২ দুই ঠোঠে গিলিবাক আসে দেখি তাক। লীলায়ে চিৰিলা যেন বিৰিণা-পােথাক ॥ সবান্ধৰে ধেনুকক নিলা ৰসাতল। গােপ-শিশুগণক ভুঞ্জাইলা তাল-ফল। ৭৩ ময়ৰ তনয় ব্যোম গােপ-ৰূপ ধৰি। গােপ-শিশুগণক নিলেক চুৰি কৰি । গৰত থৈলা নিয়া ঢাকিয়া শিলায়ে। তাক মাৰি শিশুসৱ আনিলা লীলায়ে । ৭৪