এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীর্তন ৫]
শিশু-লীলা
২৩
হাসিলন্ত কোনে হেন কৰিলেক বুলি।
বান্ধ মেলি কৃষ্ণক কোলাত লৈলা তুলি। ৬৬
কিনাে আতি নন্দ যশােদাৰ মহাভাগ।
পূর্ণব্রহ্ম তােক গৃহতে পাইলা লাগ ।
ভকতৰ আনন্দ বঢ়ায়া সর্বক্ষণে।
শিশু-লীলা অনেক কৰিলা নাৰায়ণে ॥ ৬৭
কেহহ বেলা গােপীগণে পাঞ্চে গায়া গীত।
তাসস্থাৰ প্রীতি সাধি কত কৰা নৃত্য।
মালড়ি কৰাহা কত গােপৰ বচনে।
ছায়া-পুতলাক যেন চায়া যতনে । ৬৮
কেহহ বেলা গােপিকাৰ শুনি আজ্ঞা-বাণী।
পাদুকা-পীহ্রাক প্রভু ধৰি থাকা আনি
কোন কৰ্ম্ম নকৰিলা হৰি গকুলত।
ভকতৰ বশ্য হেন দেখায়া লােকত ॥ ৬৯
কোনে ফল লৈবে বুলি ডাকিল পৰী।
ধান্য দিয়া ফল তুমি খুজিলা মুৰাৰি ।
তােমাৰ হস্তত ভৰি দিল ফল বাছি।
সুৱৰ্ণ ৰজত-তাইৰ উপচিল পাচি॥ ৭০
পা পদ ৭ |
ফল তুমি খুজিলা—হাত পাতি থাক।