পৃষ্ঠা:Kirtan Ghosha.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
২০৫
শিশু-লীলা


গোপ-গৰুঝাকক বেঢ়িলে বন-জুই।
কৃষ্ণত শৰণ সৱে লৈল ত্ৰাস হুই॥
চক্ষু মুদাই সৱাকো ক্ষেণেকে যোগ-বলে।
গোকুলক লাগিয়া আনিলা অবিকলে॥ ৭৫
নন্দন গিলন্তে সৰ্পে ৰাখিলাহা হৰি।
তোমাৰ পৰশে সৰ্পে দিব্য ৰূপ ধৰি॥
শাপ এড়াই গৈল বিদ্যাধৰৰ নিলয়।
দেখি গোপগণ ভৈল পৰম বিস্ময়॥ ৭৬
শয়ন-সময়ে সৱ গোপ-গোপীগণ।
যোগ-বলে বৈকুণ্ঠক নিলা নাৰায়ণ॥
বৈকুণ্ঠবাসীৰ সৱে মহিমা দেখাই।
গোকুলক লাগি প্ৰভু আনিলা দুনাই॥ ৭৭
নন্দক নিলেক বৰুণৰ দূতে ধৰি।
বৰুণৰপৰা তাঙ্ক আনিলা উদ্ধৰি॥
কৃষ্ণৰ মহিমা নন্দে কহিলা ব্ৰজত।
শুনিয়া আনন্দ ভৈল সৱাৰে মনত॥ ৭৮
ইন্দ্ৰে কৰিলন্ত সাত দিন বৰিষণ।
একে হাতে উভাৰি ধৰিলা গোৱৰ্দ্ধন॥
দুৰ্ঘোৰ ভয়ত নিস্তাৰিলা গোপ-পুৰ।
কৰিলা লীলায়ে মহেন্দ্ৰৰ দৰ্প চুৰ॥ ৭৯