এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
১৯৭
শিশু-লীলা
সুনন্দ আদি যত যোগীগণ।
চিন্তিও নেদেখে যাৰ চৰণ॥
হেন পৰমব্ৰহ্ম যশোদা সুত।
ভৈলন্ত কিনো আতি অদভুত॥ ৪০
কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে।
শুনা শিশু-লীলা সমস্ত জনে॥
যেৱে সুখে যাইবা বৈকুণ্ঠ-পুৰী।
সদায় ডাকিয়া ঘুষিয়ো হৰি॥ ৪১
চতুৰ্থ কীৰ্ত্তন
ঘোষা॥ হে কৰুণাময়
ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি ॥ ৪
পদ॥ দিনেক যশোদা নন্দ-জায়া।
আপুনি মথন্ত দধি গৈয়া॥
কৃষ্ণৰ শৈশৱ-লীলাক স্মৰি।
কৃষ্ণ-গীত গাৱন্ত সুন্দৰী॥ ৪২
খৌণি বস্ত্ৰ পিন্ধি দিব্য কাছে।
কটিত মেখলা বান্ধি আছে॥
পা * ৪১॥ বৈকুণ্ঠপুৰী—সংসাৰ তৰি।