পৃষ্ঠা:Kirtan Ghosha.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
[ খণ্ড ১০
কীৰ্ত্তন-ঘোষা


নাহি উতপতি নাহি মৰণ।
সদায়ে প্ৰণামো তাৰ চৰণ॥
মঞি যশোদা মোৰ পুত্ৰ স্বামী।
ব্ৰজৰ সৱে অধিকাৰী আমি॥ ৩৫
হেন অহম্মম সদায়ে কৰো।
যাহাৰ মায়াত উপজো মৰো॥
হেন ভগৱন্ত হুয়োক গতি।
খণ্ডিয়োক আৱে মোৰ কুমতি॥ ৩৬
গুণন্ত শুনি ত্ৰিজগত-পতি।
বিষ্ণু হেন মোক জানিলা সতী॥
কৰিলা বৈষ্ণৱী মায়া বিস্তাৰ।
গুচিল বিষ্ণু-জ্ঞান যশোদাৰ॥ ৩৭
কৃষ্ণত পুত্ৰ-বুদ্ধি ভৈল জাত।
ধূলা জাৰি তুলি লৈলা কোলাত॥
পাড়ন্ত চুমা মুখে তন দিয়া।
মোৰ আয়ু লই পুতাই জীয়া॥ ৩৮
ব্ৰহ্মায়ো নজানে যাৰ মহিমা।
চাৰি বেদে কহি নপাৱে সীমা॥
হেন মাধৱক তনয় পাইল।
যশোদা নন্দে কিনো তপসাইল॥ ৩৯