পৃষ্ঠা:Kirtan Ghosha.pdf/২০৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৪? শিশু লীলা সুনন্দ আদি যত যোগীগণ। চিন্তিও নেদেখে যাৰ চৰণ হেন পৰমব্ৰহ্ম যশোদা সুত। ভৈলন্ত কিনো আতি অদভুত॥ ৪০ কৃষ্ণৰ কিঙ্কৰে শঙ্কৰে ভণে। শুনা শিশু-লীলা সমস্ত জনে। যেৱে সুখে যাইবা বৈকুণ্ঠ-পুৰী। সদায় ডাকিয়া ঘুষিয়ো হৰি। ৪১ চতুৰ্থ কীৰ্তন ঘোষা। হে কৰুণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি। ৪ পদ॥ দিনেক যশোদা নন্দ-জায়া। আপুনি মথন্ত দধি গৈয়া। কৃষ্ণৰ শৈশৱ-লীলাক স্মৰি। কৃষ্ণ-গীত গাৱন্ত সুন্দৰী ৪২ খেণি বস্ত্ৰ পিন্ধি দিব্য কাছে। কটিত মেখলা বান্ধি আছে। ৪১ বৈকুণ্ঠপুৰী---সংসাৰ তৰি।