এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
[ খণ্ড ১০
কীৰ্ত্তন-ঘোষা
পুত্ৰ-স্নেহে স্ৰৱে দুয়ো তন।
আজোড়ন্তে লড়ে ঘনে ঘন॥ ৪৩
ৰুণ ঝুন কেয়ূৰ কঙ্কণ।
শ্ৰম-জলে উজ্জ্বল বদন॥
কৰ্ণত কুণ্ডল দোলে আতি।
খসি পড়ে খোপাৰ মালতী॥ ৪৪
এহিমতে মথন্তে প্ৰয়াসি।
মাৱক ধৰিলা কৃষ্ণে আসি॥
মথনিত ধৰিয়া নিষেধ।
মথিবাক নেদে আউৰ দধি॥ ৪৫
হাসি কোলে লৈলা নন্দ-জায়া।
দিলা তন পুত্ৰ-মুখ চায়া॥
দেখন্তে উতলি দুগ্ধ পড়ে।
পুত্ৰ এড়ি গৈলন্ত লৱড়ে॥ ৪৬
তন পিবে নপায়া কৃষ্ণৰ।
কোপে কাম্পে অৰুণ অধৰ॥
দশন কামুড়ি আতি চাণ্ড।
শিলায়ে ভাঙ্গিলা দধি-ভাণ্ড॥ ৪৭
পা* ৪৫॥ শ্ৰম-জলে—ধৰ্ম্মজলে, শ্ৰমে জলে।