পৃষ্ঠা:Kirtan Ghosha.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
[ খণ্ড ১০
কীৰ্ত্তন-ঘোষা


মুখক চাহন্তে লাগয় বেথা।
কিয় মাটি খাইলি সোধন্ত কথা॥ ২৫
লগৰ শিশু বোলে সমুদায়।
বলায়ো বোলে তোৰ শ্ৰেষ্ঠ ভাই॥
মাতন্ত কৃষ্ণে যশোদাক চাই।
মিছা মাতে সৱে শুনিয়ো আই॥ ২৬
কদাচিতো মঞি নখাওঁ মাটি।
দদা বলভদ্ৰে মাতন্ত ঘাটি॥
পতিয়ান নাই চৱা বিচাৰি।
হেন শুনি মাতে যশোদা নাৰী॥ ২৭
বায়ো বেন্ত যেৱে মাটি নখাইলি।
শুনিয়া শিশু-ৰূপী বনমালী॥
চৱা মুখ বুলি মাৱক মাতি।
বাইলন্ত বেন্ত প্ৰকাশিয়া আতি॥ ২৮
যশোদা সুন্দৰী দেখন্ত পাছে।
সমস্ত জগত গৰ্ভতে আছে॥
সাতোখান দ্বীপ সাতো সাগৰ।
গিৰি বন নদী গ্ৰাম নগৰ॥ ২৯
বায়ু সূৰ্য্য শশী দিশ আকাশ।
তাৰাগণ তৈতে কৰে প্ৰকাশ॥