পৃষ্ঠা:Kirtan Ghosha.pdf/২০৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘােষা মুখ চাহন্তে লাগয় বেথা। কিয় মাটি খাইলি সােধ কথা ॥ ২৫ লগৰ শিশু বােলে সমুদায়। বলায়াে বলে তােৰ শ্ৰেষ্ঠ ভাই। মাতন্ত কৃষ্ণে যশােদাক চাই। মিছা মাতে সৱে শুনিয়ে আই। ২৬ কদাচিতে মঞি নখাওঁ মাটি। দদা বলভদ্রে মাতন্ত ঘাটি। পতিয়ান নাই চৱা বিচাৰি। হেন শুনি মাতে যশােদা নাৰী। ২৭ বায়াে বেন্ত যেৱে মাটি নখাইলি। শুনিয়া শিশু-ৰূপী বনমালী। চৱা মুখ বুলি মাৱক মাতি । বাইল বেন্ত প্রকাশিয়া আতি । ২৮ যশােদা সুন্দৰী দেখ পাছে । সমস্ত জগত গৰ্ভতে আছে। সাতােখান দ্বীপ সাত সাগৰ। গিৰি বন নদী গ্রাম নগৰ। ২৯ বায়ু সূৰ্য্য শশী দিশ আকাশ। তাগণ তৈতে কৰে প্ৰকাশ