পৃষ্ঠা:Kirtan Ghosha.pdf/২০৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীখন ] শিশু-লীলা ১৩ তৃতীয় কীর্তন ঘােষা। কেশৱ কৃষ্ণ কৰুণা-সিন্ধু। ব্রাহি জগন্নাথ অনাথবন্ধু। ৩ পদ ॥ এহিমতে ব্ৰজে আনন্দে হৰি। কন্তু ক্রীড়া শিশু-ৰূপ ধৰি। যত গােপ শিশু বলাই আদি। সৰে ভৈল গৈয়া কৃষ্ণৰ বাদী ॥ ২২ যশােদাৰ আগে দিলেক খল। খাইল কৃষ্ণে মাটি এক দল। শুনিয়া যশােদা সুন্দৰী হাসি। পুত্ৰৰ হাতত ধৰিলা আসি। ২৩ কেনে মাটি খাইলি অৰে গোপাল। কোবাই আজি তােৰ ফাৰিবাে ছাল । শুনিয়া কৃষ্ণৰ হৰিল মাত। চক্ষু টেৰ কৰি মাক চান্ত ॥ ২৪ ভয়তে যেন কাম্পৈ হাত-ভৰি। যশােদা দেখে পুত্ৰ গৈল ভৰি।