এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
১৮৯
শিশুলীলা
পড়ি দুয়ো প্ৰাণী পাছে কৰিলন্ত তুতি।
পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি॥ ৪
ভৈলা শিশু-ৰূপ তৈতে প্ৰভু নাৰায়ণ।
কোলে লৈয়া বসুদেৱ লড়িল তেখণ॥
ভাগিল নিহল ভৈলা মেলান কপাট।
দেখি ভয়ে যমুনা আপুনি দিলা বাট॥ ৫
বৰিষে কণিকা মেঘে ওপৰত গাজে।
ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে॥
যশোদাৰ তৈতে উপজিলা যোগ-মায়া।
আতি অচেতনে নিদ্ৰা গৈলা নন্দ-জায়া॥ ৬
তাহানে শয্যাত নিয়া থৈলন্ত তোমাক।
বসুদেৱে আনিলন্ত নন্দৰ কন্যাক॥
শিশুভাৱে গোকুলত ক্ৰীড়িলা অপাৰ।
সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ॥ ৭
অচিন্ত্য-মহিমা হৰি পুৰুষ পুৰাণ।
লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ॥
কংসৰ পাঞ্চনি পাই যত দৈত্য আসে।
তুমি-অগনিত যেন পুড়ি মৰে ঝাসে॥ ৮
পা৹ পদ ৮॥ পুৰাণ—প্ৰধান।