পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দশম খণ্ড
শিশু-লীলা
প্ৰথম কীৰ্ত্তন

ঘোষা॥ কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰি॥ ১

পদ॥ কৃষ্ণ-ৰূপে দৈৱকীত ভৈলা অৱতাৰ।
শঙ্খ চক্ৰ গদা পদ্ম কৰত তোমাৰ॥
পীত বস্ত্ৰে শোভে আতি শ্যাম কলেৱৰ।
কমল-লোচন চাৰু অৰুণ অধৰ॥ ১
সুন্দৰ নাসিকা কৰ্ণে মকৰ-কুণ্ডল।
কণ্ঠত কৌস্তুভ শিৰে কিৰীটি উজ্জ্বল॥
আপাদ-লম্বিত বন-মালা জ্বলে গলে।
শোভে অতি শ্ৰীবৎস বহল বক্ষস্থলে॥ ২
চাৰু চাৰি ভুজ জ্বলে আজানু-লম্বিত।
কৰি-কৰ-সম উৰু বৰ্ত্তুল বলিত॥
চৰণ-কমল যেন নৱ পদ্ম-কোষ।
যাক দেখি ভকতৰ পৰম সন্তোষ॥ ৩
প্ৰসন্ন বদন জ্বলে অলকা-তিলক।
বসুদেৱে দেখিলন্ত অদ্ভুত বালক॥