পৃষ্ঠা:Kirtan Ghosha.pdf/২০০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


১ কীৰ্ত্তন ১) শিশুশীল পড়ি দুয়ো প্ৰাণী পাছে কলিন্ত তুতি। পিতৃত কহিলা প্ৰভু সমস্ত যুগুতি। ৪ ভৈলা শিশুৰূপ তৈতে প্ৰভু নাৰায়ণ। কোলে লৈয়া বসুদেৱ লড়িল তেখণ॥ ভাগিল নিহল ভৈলা মেলান কপাট। দেখি ভয়ে যমুনা আপুনি দিলা বাট। ৫ বৰিযে কণিকা মেঘে ওপৰত গাজে। ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে। যশোদাৰ তৈতে উপজিলা যোগ-মায়া। আতি অচেতনে নিদ্ৰা গৈলা নন্দ-জায়া ৬ তাহানে শয্যাত নিয়া থৈল তোক। বসুদেৰে আনিলন্ত নন্দৰ কন্যাক। শিশুৱে গোকুলত ক্ৰীড়িলা অপাৰ। সাধিলা অনেক প্ৰীতি নন্দ যশোদাৰ। ৭ অচিন্ত্য-মহিমা হৰি পুৰুষ পুৰাণ। লীলা কৰি অনেক দৈত্যৰ লৈলা প্ৰাণ কংসৰ পাঞ্চনি পাই যত দৈত্য আসে।

  • তুমি-অগনিত যেন পুড়ি মৰে ঝাসে। ৮

পা পথ ৮ | পুৰাণ—প্ৰধান।