পৃষ্ঠা:Kirtan Ghosha.pdf/২০১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষ [ ১০ আসিলেক পূতনা মােহিনী নাৰী-বেশে। তন দিয়া শিশু মাৰি ফুৰে দেশে দেশে। কোলে ধৰি তােমাক দিলেক তন দান। তন-পানে পূতনাৰ শুষিলাহ প্রাণ। ৯ শকটৰ তলে থৈলা যশােদা শুৱাই। লাথি হানি পেলাইলা শকুট ওভতাই। হেন দেখি যশােদা সুন্দৰী মহাদুঃখে। আথে-বেথে কোলে লৈয়া তন দিলা মুখে ৪ ১০ কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে যুগুতি। ৰাম-নাম বিনা নাহি কাহাৰাে মুকুতি । হেন জানি নিৰন্তৰে এড়ি আন কাম। পাতক ছাড়ােক ডাকি বােল ৰাম ৰাম। ১১ ঘোষা। ৰাম পাৰ কৰা ৰঘুনাথ সংসাৰ-লাগবে। পদ ॥ চক্ৰৱাত অসুৰে কৃষ্ণক নিলে হৰি। আকাশত মাৰিলা গলত চেপি ধৰি । কৃষ্ণক হিয়াত লৈয়া পড়িলা ভূমিত। জুৰাইল তােক পায় যশােদাৰ চিত্ত। ১২