এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
১৮৭
বলি-ছলন
শুনা বুধ লোক ক্ষমিয়োক মোক
পদত দূষণ দেখি।
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
মূৰ্খৰ দোষ নেলেখি॥ ৩২
মোৰ পদ বুলি নেড়িবা সমুলি
বিচাৰি দেখিবা পাছে।
মোক্ষৰ নিদান অমৃত-সমান
কৃষ্ণ-কথা আতে আছে॥
হেন অনুমানি কৃষ্ণৰ কাহিনী
শুনিয়া হুয়ো সন্তোষ।
আন কাম এড়ি সমজ্যায়ে বেড়ি
কৰিয়োক হৰি-ঘোষ॥ ৩৩
বলি-ছলন সমাপ্ত॥ ৯ ॥