পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
[খণ্ড ৯
কীৰ্ত্তন-ঘোষা

সুদৃঢ় ভকতি-   ভাৱে দৈত্য-পতি
কৰিলা কৰ্ম্ম নিৰ্ম্মু ল।
সংসাৰক তৰি   পুৰুষ উদ্ধৰি
নিস্তাৰিলা দৈত্য-কুল॥ ৩০


বলিৰ সদৃশ   নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰোতৰ।
যাৰ যশ-ৰাশি   থাকিল প্ৰকাশি
যাৱে চন্দ্ৰ দিবাকৰ॥


শুক নিগদতি   কহিলো সম্প্ৰতি
বলিৰ চৰিত্ৰ যত।
যিবা শুনে পঢ়ে   তাকো পাপে এড়ে
সুখে তৰে সংসাৰত॥ ৩১


নমো নাৰায়ণ   জগত-কাৰণ
খণ্ডিয়ো সংসাৰ-ভয়।
কৃষ্ণৰ কিঙ্কৰে   ভণিল শঙ্কৰে
ভাগৱত-পদচয়॥