পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
১৮৭
বলি-ছলন

শুনা বুধ লোক ক্ষমিয়োক মোক
 পদত দূষণ দেখি।
যাৰ জ্ঞান নাই যিমতে চেঞ্চায়
 মূৰ্খৰ দোষ নেলেখি॥ ৩২

মোৰ পদ বুলি নেড়িবা সমুলি
 বিচাৰি দেখিবা পাছে।
মোক্ষৰ নিদান অমৃত-সমান
 কৃষ্ণ-কথা আতে আছে॥

হেন অনুমানি কৃষ্ণৰ কাহিনী
 শুনিয়া হুয়ো সন্তোষ।
আন কাম এড়ি সমজ্যায়ে বেড়ি
 কৰিয়োক হৰি-ঘোষ॥ ৩৩

বলি-ছলন সমাপ্ত॥ ৯ ॥