এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
[খণ্ড ৯
কীৰ্ত্তন-ঘোষা
সুদৃঢ় ভকতি- ভাৱে দৈত্য-পতি
কৰিলা কৰ্ম্ম নিৰ্ম্মু ল।
সংসাৰক তৰি পুৰুষ উদ্ধৰি
নিস্তাৰিলা দৈত্য-কুল॥ ৩০
বলিৰ সদৃশ নাহি সুপুৰুষ
বৈষ্ণৱতে সাৰোতৰ।
যাৰ যশ-ৰাশি থাকিল প্ৰকাশি
যাৱে চন্দ্ৰ দিবাকৰ॥
শুক নিগদতি কহিলো সম্প্ৰতি
বলিৰ চৰিত্ৰ যত।
যিবা শুনে পঢ়ে তাকো পাপে এড়ে
সুখে তৰে সংসাৰত॥ ৩১
নমো নাৰায়ণ জগত-কাৰণ
খণ্ডিয়ো সংসাৰ-ভয়।
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
ভাগৱত-পদচয়॥