এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৫]
১৮৫
বলি-ছলন
পঞ্চম কীৰ্ত্তন
ঘোষা॥ হৰি ৰাম হৰি ৰাম ঘুষিয়ো ভাই
সংসাৰ-সাগৰে তৰ।
ৰাম-পাৱ-নাৱ কাছতে আছন্ত
মিছাতে ডুবিয়া মৰ॥ ৫
পদ। এহিমতে তৈত আশে যত দৈত্য
এৰিল আন আলাপ।
কৰে হৰি-ধ্বনি হৰি-কথা শুনি
শৰীৰ ভৈল নিস্পাপ॥
কৃষ্ণৰ চৰণ সেৱে অনুক্ষণ
অক্ষয় পুণ্যক সঞ্চে।
বলিৰ প্ৰসাদে অতি অপ্ৰমাদে
সুতল-পুৰীত বঞ্চে॥ ২৯
সিটো দৈত্যেশ্বৰে মাধৱত পৰে
নিচিন্তিলা আন কাম।
শয়নে ভোজনে সচেতে স্বপনে
নেড়িলা হৰিৰ নাম॥
পা ঘোষা ৫॥ ৰাম-পাৱ-নাৱ - ৰাম- নাম-নাৱ।