পৃষ্ঠা:Kirtan Ghosha.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৪
[ খণ্ড
কীৰ্ত্তন-ঘোষা


সুমৰিবে নাহি ইছা ডৰতে ভটকে মিছা
 জানি তাৰো জিহ্বা বিন্ধে টানি।
যিবা থাকে মৌন হুই  তাৰ গলে দেই জুই
 কেনে নোবোলস হৰি-বাণী॥ ২৭

অৱজৰ নাই ৰাতি  প্ৰতি ঘৰে ঘৰে মাতি
 ফুৰে কটোৱাল বাটে-বাটে।
ফাকটে বজাৱে ভেৰী  জাগ জাগ নিদ্ৰা এড়ি
 হৰি বোল হৰি বোল ঝন্টে॥

ৰাজাৰ দণ্ডিত থাকি   সুতল পুৰীক ঢাকি
 নিৰন্তৰে কৰে হৰি-ঘোষ।
আন গৃহ-কৃত্য এড়ি  হৰি বুলি পাৰে গেৰি
 শুনি মিলে বলিৰ সন্তোষ॥ ২৮


পা ২৭॥ গলে - গালে।  কেনে - কোনে।
  ২৮॥ অৱজয় - অৱসৰ।  ফাকটে-ফাটকে, কটকে।